মই বিচাৰিছো হেজাৰ চকুত

কথা:ড° নিৰ্মলপ্ৰভা বৰদলৈ

মই বিচাৰিছো হেজাৰ চকুত

দীপ্ত সূর্য শিখা

এই ভয়াবহ যুগ-সন্ধিৰ

নাশিবলে বিভীষিকা

মই বিচাৰিছো হেজাৰ চকুত

দীপ্ত সূর্য শিখা ।

মই বিচাৰিছো হেজাৰ ওঁঠত

তীখা তীক্ষ্ণ ভাষা

শীতৰ শেষত ফাগুন অহাৰ

যিহে আনিব আশা !

মই বিচাৰিছো হেজাৰ ওঁঠত

তীখা তীক্ষ্ণ ভাষা

শীতৰ শেষত ফাগুন অহাৰ

যিহে আনিব আশা !

পুঁৱতিৰ দৰে প্রতিশ্রুতি

ধৰা সিঁচি যাব জ্যোতিৰেখা

মই বিচাৰিছো হেজাৰ চকুত

দীপ্ত সূর্য শিখা

এই ভয়াবহ যুগ-সন্ধিৰ

নাশিবলে বিভীষিকা

মই বিচাৰিছো হেজাৰ চকুত

দীপ্ত সূর্য শিখা ।

মই বিচাৰিছো হস্তীৰ খোজত

বলিষ্ঠ বিদ্যুৎ গতি

চেতনাবিহীন নিঠৰ স্তব্ধ

যুগক দিবলে জ্যোতি

মই বিচাৰিছো হস্তীৰ খোজত

বলিষ্ঠ বিদ্যুৎ গতি

চেতনাবিহীন নিঠৰ স্তব্ধ

যুগক দিবলে জ্যোতি

মোক ব্যক্তি লাগে যাৰ হৃদয়তে

জীৱন-তৃষ্ণাই অঁকা

মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা

এই ভয়াবহ যুগ-সন্ধিৰ

নাশিবলে বিভীষিকা

মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা ।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top