অ’ ভাৰতীৰে ! অ’ পৃথিৱীৰে !

অ’ ভাৰতীৰে ! অ’ পৃথিৱীৰে !

স্বাধীনচিতীয়া দল

ভাৰতী স্বাধীন হ’ল ৷

ঘিট্ মিট্

এন্ধাৰ কঙ্কালসাৰ !

অতীত অন্ত হ’ল ৷

অতীত নাশি নৱ

জেউতি জিল্ মিলায় জল্-মল্ ৷৷

অগ্রদূত সৱে যাম আগুৱাই

তৰঙ্গ সম কৰি

কল্ কল্

পৃথিৱীৰ প্রগতিৰ

হকে আমি

পান কৰি দুখ

হলাহল ৷

সাম্যৰ মন্থন

পাতিব লাগিব

চূৰ্ণ কৰি শোষণ অনল

মুমূৰ্ষু জনতাই

নৱ চেতনাত

তোলক আনন্দৰ কোলাহল ৷

ভাৰতীৰ দৃষ্টি

ভাৰতীৰ কৃষ্টি

সকলো মহীয়ান হ’ল

মহামানৱৰ মহাবাণীয়েই

যাচে নিতে মহাবল৷

চিক্ মিক্

হাতীপটি বিপ্লৱী বাটটি

সন্মুখত পৰি ৰ’ল ৷

কৰাঁ অভিযান মহা অভিযান

জ্যোতিৰ সৃষ্টি অবিৰল

ৰূপ সৃষ্টি অবিৰল ৷

ৰচনাকাল: ১৯৪৮ চন)

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top