অস্ত আকাশৰে

অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়।

কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায়।

দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস
কত যুগৰ, শত আশা-নিৰাশাৰে নিশ্বাস।

লক্ষ্য যদি দিগন্ত শিল্পী হে’ তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা, জীৱনৰে দিগন্ত অপাৰ।
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।।

ৰচনা কাল : ১৯৫৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top