About the Archive

আমাৰ বিষয়ে

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙৰ জাপ্ফু হোষ্টেলত আমাৰ দৈনন্দিন আড্ডাৰ মাজতেই ২০২৫ চনত জন্ম হৈছিল এই ৱেবচাইটটোৰ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ এক উমৈহতীয়া প্ৰয়াস হিচাপেই আমি দুই বন্ধুৱে মিলি গৱেষণাৰ দিনবোৰতে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। যদিও ভূপেনদাৰ বহু গানৰ লিৰিক্স ইতিমধ্যে ইণ্টাৰনেটত উপলব্ধ, তথাপিও সেই সমূহক বর্ণানুক্রমে সজাই, এটা টিপতেই গান সমূহৰ লিৰিক্স পঢ়ি পঢ়ি শুনিব পৰা সুবিধা নাছিল। ইয়াৰোপৰি, ভূপেনদাৰ বিষয়ে ইণ্টাৰনেটত থকা লেখা, তেওঁৰ কিছু কিতাপ বিনামূলীয়াকৈ পঢ়িব পৰাৰ ব্যৱস্থা, তেওঁৰ বিষয়ে লিখা কিতাপ সমূহ ক্ৰয় কৰিব পৰা আদি কৰি সকলোখিনি এটা ৱেবছাইটত উপলব্ধ কৰাৰ মানসেৰে জন্ম হৈছিল lyricsofbhupenda.in ৰ।

বৰ্তমান এই ৱেবচাইটটোৰ পৰিসৰ বৃদ্ধি তথা পৰিচালনাৰ সকলো কাম আমি দুয়োৱে মিলি কৰি আছোঁ।

পৰিচালকদ্বয়:

সুস্মিত ইচ্‌ফাক

সুস্মিত ইচ্‌ফাক

আইনৰ ছাত্ৰ। বৰ্তমান উত্তৰ পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙৰ গৱেষক ছাত্ৰ তথা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, অসমৰ অতিথি শিক্ষক। ভূপেনদাৰ গীত আৰু বিশেষকৈ গীতৰ কথাৰ যাদুত মন্ত্ৰমুগ্ধ প্ৰথম হৈছিল কোনো বন্ধুৰ আড্ডাত, তাৰে পিছৰে পৰাই ভূপেনদাৰ অসাধাৰণ গীত আৰু গীতৰ অন্তৰ্নিহিত অৰ্থ, প্ৰেক্ষাপট আদি ৰাইজৰ মাজত সুযোগ পালেই চৰ্চা চলাই নিয়াৰ প্ৰয়াসত ব্ৰতী।

প্ৰিয় গান: নামি আঁহা সুন্দৰৰ সেনা শিল্পীদল

যোগাযোগৰ বাবে ইমেইল:
susmit21@nluassam.ac.in

ড° আশিস শৰ্মা

ড° আশিস শৰ্মা

বিশ্বনাথ জিলাৰ অন্তৰ্গত মফচলীয় চহৰ গহপুৰৰ বাসিন্দা। ইতিহাস বিষয়ৰ এগৰাকী ছাত্ৰ হিচাপে বৰ্তমান গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে জড়িত। ভূপেনদাৰ গীত আৰু কথাত প্ৰতিফলিত হোৱা মানৱতাবাদ তথা সমাজ-জীৱনৰ গভীৰ চিত্ৰণে সকলোকে বাৰুকৈয়ে অনুপ্ৰাণিত কৰে। এই অনুৰাগৰ বাবেই আৰু নিজৰ সাধ্যানুসৰি কিবা এটি কৰাৰ মানসেৰে সুধাকণ্ঠৰ অমূল্য গীতৰাজি ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ প্ৰচেষ্টাৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰিছে।

প্ৰিয় গান: অ মোৰ ধৰিত্ৰী আই

যোগাযোগৰ বাবে ইমেইল:
asishsarma95@gmail.com

যিকোনো অনুৰোধ, পৰামৰ্শ বা সংশোধনীৰ বাবে যোগাযোগ কৰক:
bhupenhazarikalyricsarchive@gmail.com

The People Behind the Project

It was amidst the everyday conversations and friendly gatherings in Japhu Hostel at North-Eastern Hill University, Shillong, that the idea for this website first took shape in 2025. Born out of the shared vision of two friends during their research years, this humble endeavour began as an attempt to preserve the timeless songs of Sudhakantha Dr. Bhupen Hazarika in the digital world.

Although the lyrics of many of Bhupenda’s songs were already available on the internet, there was no single platform where they could be arranged alphabetically, allowing listeners to find their favourite songs with ease and listen to them while reading their lyrics at the click of a button. Beyond lyrics, we also envisioned a space that would bring together writings about Bhupenda, books about his life and legacy, free access to some of his own books, and links to purchase books written about him.

It was with this vision of bringing everything Bhupenda under one digital roof that lyricsofbhupenda.in came into being.

Today, the two of us continue to work together to expand the website’s reach, nurture its growth, and carry forward its mission.

Managed By:

Susmit Isfaq

Susmit Isfaq

A student of law, Susmit is currently a research scholar at North-Eastern Hill University, Shillong, and a guest faculty member at National Law University, Assam.

His fascination with Bhupenda’s music began during a casual gathering with friends, when he first found himself spellbound by the magic of his songs. Since then, he has remained captivated not only by the extraordinary beauty of Bhupenda’s music, but also by the profound meanings and historical and social contexts woven into his lyrics. Wherever an opportunity arises, he endeavours to bring these layers of meaning into conversations, sharing with others the richness that lies beneath the melodies.

Favourite song: Nami Aaha Sundarar Sena Shilpi Dal

Email:
susmit21@nluassam.ac.in

Dr. Asish Sarma

Dr. Asish Sarma

A resident of Gohpur, a small town in the Biswanath district of Assam, Dr. Asish Sarma is engaged in research and academic pursuits in the field of history. The humanism and profound portrayal of social life reflected in Bhupen Da’s music and words serve as a deep inspiration. Driven by this admiration and a desire to contribute in whatever capacity possible, he is actively involved in the endeavour to digitally preserve the invaluable musical legacy of the Sudhakantha.

Favourite song: O Mur Dharitri Aai

Email:
asishsarma95@gmail.com

For any requests, suggestions, or corrections, reach us at:
bhupenhazarikalyricsarchive@gmail.com

“`

 
Scroll to Top