দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐ

দুখৰে উপৰি দুখ মোৰ ৰাইজ ঐ
লুইতত উটিলে জাঁজী
আমাৰ দেশখন হʼল মৰিশালী
পানী নাই পথাৰত আজি।
কিনো দিন পৰিলে আজি।

ৰহদৈয়ে ঢাকুৰে ভোগায়ে চিঞৰে
পেঁপাটি নেবাজে আজি
শিৱৰ দʼলতে দবা নাইকিয়া
দবা-কাঁহ নুঠে বাজি।

বৰঘৰ মজিয়াত সাপে বাহ লʼলে
বননি উঠিলে গজি
কাৰনো ঘৰৰে বুকুতে উঠিছে
দুখৰে সুৰটি বাজি।

কোম্পানী আহিলে চʼৰাঘৰ মুখলৈ
এখন্তেক বহোঁ দেই বুলি
চʼৰাঘৰ পাৰ হৈ বৰঘৰ সোমালে
শেলেৰে বুকুতে হানি।

ৰংঘৰ সমুখত ৰহইছ নাইকিয়া
ৰংবোৰ উৰিল কেনি
মোৰ দেউতা
তলাতল ঘৰতে এন্ধাৰে ধৰিলে ছানি
মোৰ দেউতা, এন্ধাৰে ধৰিলে ছানি।

ৰচনা কাল : ১৯৫৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top