হেʼ বান্ধ মই নিৰুপায়,
কি কৰোঁ, কি কৰোঁ উপায়
কোৱাঁ কোৱাঁ কি উপায়
ভাল পোৱা নিঠুৰ দানৱ
ধৰেহি সদায় বান্ধ
মই নিৰুপায়।
বৰ পোৰণি আছে বান্ধ,
ফেটী সাপৰ বিষত
তাৰো অধিক কষ্ট বান্ধ,
ৰমণীৰ ৰূপত;
প্ৰিয়াৰ বাহু-লতাৰ অগনি,
দেখোঁ নুনুমায়।।
প্ৰেম জ্বৰ সন্নিপাতৰ নাই কবিৰাজটি
পলাবলৈ গৈ খাওঁ বাৰে বাৰে উজুটি।
শিকলিৰে বান্ধা বান্ধা,
মন বʼহাগৰ কুলি
মন ৰমণীক মন নিদিলে,
যাব বান্ধোন খুলি।
প্ৰিয়াৰ কাজল চকুৰ চাৱনি-
ধমনীত সোমায়।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨