হেʼ দোলা হেʼ

হেʼ দোলা হেʼ দোলাহেʼ দোলা হেʼ দোলা
একা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা।
হেʼ দোলা………………
আপোন কৰিলোঁ বনুৱাৰ জীৱনক
দেহা ভাগৰাই তোলা, হেʼ তোলা।
হেইয়া না, হেইয়া না, হেইয়া না, হেইয়া।

দোলাৰ ভিতৰত তিৰ্‌বিৰ্‌ কৰিছে
চহকী পাটৰে পাগ
ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ।
মোৰহে লʼৰাটিক এইবাৰ বিহুতে
নিদিলোঁ সূতাৰে চোলা।
চকুলো ওলালেও মনটি নেভাঙো
কঢ়িয়াই লৈ যাওঁ দোলা।

যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে, হেʼ কৰে
বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰহে ঘামবোৰ সৰে অʼ সৰে।
ওখকৈ পাহাৰৰ টিঙটিত উঠিছোঁ
ভালকৈ খোজটি মিলা
আমাৰ কান্ধৰপৰা পিছলিব লাগিলে
বাগৰি পৰিব দোলা।
অʼ ৰজা মহাৰজাৰ দোলা
বৰ বৰ মানুহৰ দোলা।।

ৰচনা কাল : ১৯৫৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top