মিলনৰে এই শুভ ক্ষণ

অ’ …..অ’…..অ’……
 মিলনৰে এই শুভ ক্ষণ
পখিলা উৰাদি উৰে মন
 মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন।

 লাজৰে বান্ধোন খুলি যায় যায়
 বুকুৱে সঁহাৰি পায় পায়।
 অমৃতময় এই আলিঙ্গন
যেনে হৰগৌৰীৰ মহামিলন।।

দয়াৱতী পাৰ্বতী আই
 নধৰিবা দোষ দায় ।
তোমাৰ আশিস মাগিছোঁ
তোমাৰ শিখৰে নাচিছোঁ
 উদাৰ মুকুতি পায়।
 
প্ৰণয়ৰ পৰিধি নাই নাই
অসীমৰে সীমা এৰি যায়
  সত্যম শিৱম সুন্দৰম
 যুগে যুগে আমি দুয়ো
 দুয়োতে মগন।।

ৰচনা কাল : ১৯৬৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top