হেʼ হেʼ হেʼ ঢোলে-ডগৰে
হেʼ হেʼ হেʼ হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
বান্ধো আমি পাহাৰ শিখৰৰে
মহান চিয়েমক।
হেʼ হেʼ হেʼ চেৰাপুঞ্জীৰে
হেʼ হেʼ হেʼ ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাবটি ধৰে বাৰিষা ৰূপেৰে
আমাৰ লুইতক।
হেʼ হেʼ হেʼ ঢোলে-ডগৰে।
কৃষ্ণ গৰখীয়াই বায় বাহী
খাচী গৰখীয়াই বায় শ্বৰাতি
দুয়োটি বাঁহী বাঁহৰে বাঁহী
দুয়ো প্ৰকাশে একেটি সুৰক।
হেʼ হেʼ হেʼ ঢোলে-ডগৰে
ওখ সৰলৰে পাত সেউজীয়া
আমাৰ আঁহত গছ সেই বৰণীয়া
ব্লেই বা জোনে
পাহাৰ ভৈয়ামতে
শাৰদী নিশা ঢালে একেই জোনাক।
ৰঙা পাহাৰৰে হেʼ মাটি কাটি
খাচী কৃষকে খাটে দিনে-ৰাতি
ভৈয়ামৰো খেতিত হেজাৰ ৰংমনে
আঁকোৱালি ধৰিছে একেই কৃষকক।
হেʼ হেʼ হেʼ ঢোলে-ডগৰে।।
ৰচনা কাল : ১৯৬৪
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨