সোঁৱৰণী কুৱঁলীয়ে

সোঁৱৰণী কুৱঁলীয়ে
চিঞঁৰি চিঞঁৰি কয়
অতীতৰ সীমা-ৰেখা নাই
সমুখতো দেখোঁ আজি
পুৰণিক আকুল কৰে
নতুনে মাথোঁ ৰিঙিয়ায়।


জীৱনৰ বাটটিত
এৰি অহা খোজবোৰ
নিতে মচে কোন ধুমুহাই
মিছায়ে উভতি চাই
পাহৰা গীতটি গাই
দেহা মোৰ ভাগৰিহে যায়।


কিবা যেন বিচাৰি
হেৰুৱালোঁ পৰিচয়
পৰিচিতো আঁতৰিহে যায়
আজিৰ সোঁতত বহি
কালিৰ সপোন দেখি
আশা মোৰ নিতে বাঢ়ি যায়।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top