অসমীয়া জাতিটোৱে অসমীয়া কʼবলৈ
কাকনো কৰিছে বলাৎকাৰ!
হেৰ!
অসমীয়া ভাষাটিৰ অসমতেই নাই জানো
যোগ্যতা পোৱাৰ অধিকাৰ?
সমগ্ৰ ভাৰতৰ ভাষা দুৰ্নীতিবান
কুচক্ৰী যত কুলাঙ্গাৰ
(হেৰ) অসম দেশখন অহঁতৰ জানো
পৈতৃক পৰীক্ষাগাৰ?
আৰু যদি কোনোবাই উচ্চাত্মিকা মন লৈ
অসমীক জোকাৱ এবাৰ
লক্ষ লক্ষ ডেকা গাভৰুৱে
তেজ দিব ৰঙা কলিজাৰ।
কাৰো প্ৰতি বিদ্বেষ,
কাৰো ভাষা অৱহেলা
লক্ষ্য নহয় আমাৰ।
এই গীত নুবুজিলে
শত গীত লিখি যাম
জগাই লুইতৰে পাৰ!
জোনাকী যুগৰে পৰা
সংগ্ৰাম কৰিও
চিন নাই বাগৰি পৰাৰ
আজিও অসমীয়াৰ
অগনি চৰিছে গাত
দীক্ষা নৱ বাৰতাৰ।
আজিৰ অসমীয়াই
নৱৰূপ ধৰি লʼলে
আগ্নেয় মহা জনতাৰ,
দুৰ্জ্ঞেয় নৱ চেতনাৰ
অগ্নেয় মহা জনতাৰ।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨