মঙ্গলদৈ তোমাৰ নাম হওক মঙ্গল তোমাৰ ।
অতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ।।
কোঁচ ৰজাৰ জীয়ৰী মঙ্গলা যাৰ নাম।
সেহি নামে নামকৰণ মঙ্গলদৈ ধাম।।
হৰিহৰৰ যুদ্ধ ভৈলা, হৰিয়ে শিঙা বায়।
সেহি স্থানে হৰি শিঙা আজিও শোভা পায়।।
”দৌ-ৰাংগ” দৰং হৈলা এʼ দেৱে ৰংগ কৰা,
আৰ্য আছিল এহি স্থানে বৈদিক যুগৰ পৰা।
শাহেই ৰাজাৰ নগৰ বুলি যিখান স্থান খ্যাত।
সেহি ৰজা সতী বেউলাৰ পিতৃ বুলি জ্ঞাত।।
আৰিমত্ত নৃপতিয়ে এʼ ৰাজত্ব কৰিলা।
বুঢ়ী নগৰ পুষ্কৰিণী প্ৰমাণ ৰূপে ৰৈলা।।
চিলাৰায়ৰ পুত্ৰ পৰীক্ষিত নাৰায়ণ।
কোচ বেহাৰ এৰি দৰঙ্গে পাতিলা শাসন।।
পৰীক্ষিতৰ পুত্ৰ এʼ, বলি নাৰায়ণে পায়।
মঙ্গলদৈ বুৰঞ্জীত ৰচে সুৱৰ্ণ অধ্যায়।।
বিশ্ব বিমোহিনী ৰূপৰ, যি দেৱীৰ দৰ্শন লয়।
সেহি কেন্দুকলাইৰ জন্ম কলাইগাঁৱত হয়।।
কোচ ৰাজাৰ পূৰ্বে কোনে ৰাজত্ব কৰিলা।
ভূঞাসবেও ইয়াতেহে মহিমা দেখাইলা।।
ৱেলছ চাহাব নামধাৰী এক ইংৰাজ কাপ্তানে।
ৰাজা কৃষ্ণনাৰায়ণক ধৰিলা গোপনে।।
ওঠৰশ চাব্বিছ চনত এʼ, ইয়াণ্ডাবু সন্ধি
স্বাধীনতা হৰি নিলা কৰি নানা ফন্দি।।
শঙ্কৰী যুগৰ পূৰ্বে এʼ বিপ্ৰ হৰিহৰ।
লৱ-কুশ কাব্য ৰচি ভৈলাহা অমৰ।।
কবি ৰাম সৰস্বতী আৰু দ্বিজ দামোদৰ।
জয়ৰাম সূৰ্য্যখড়িৰ মঙ্গলদৈতে ঘৰ।।
সৰ্বানন্দ ব্যাস কলাইৰ গীতত মেঘ জন্মে।
নাৰায়ণদেউৰ সুকন্নানীক জগতে প্ৰণামে।।
‘টঙত’ উঠিলাহা শিল্প টংলাত কৰিছিলা।
আজিও কতই চৰ্চা কৰে সুকুমাৰ কলা।।
মঙ্গলদৈয়া ৰাইজে জানে বিপ্লৱ কৰিবা।
ইংৰাজৰ অত্যাচাৰক খুজিলা খেদিবা।।
ওঠৰশ চৌৰান্নবৈত কৃষক বিদ্ৰোহ ভৈলা।
পথৰুঘাটৰ মাটিত কতই প্ৰাণ দিলা।।
শাক্ত বৈষ্ণৱ সৱে মিলি এ মঙ্গলদৈ সজায়।
হিন্দু মুছলমানেও মিলি সুকন্নানী গায়।।
এহি জাতি সেহি জাতি এʼ আৰু নানা জনজাতি।
হিয়াই হিয়াই মিলিজুলি কৰিছে বসতি।।
মঙ্গলদৈৰ কিশোৰ বাছা, ধনটি মুজাম্মিল।
মুজাম্মিলৰ ৰক্ত পাই ভাষা জিলমিল।।
শ্বহীদ মুজাম্মিলৰ ৰক্তে ভাষাকে বচায়
মুজাম্মিলৰ মঙ্গলদৈ চোন পীঠস্থান হয়।।
কতনো গুণ বখানিম এʼ মঙ্গলদৈ ধামৰ।
শত কোটি প্ৰণাম লোৱা গায়ক ‘ভূপেন্দ্ৰ’ৰ।।
ৰচনা কাল : ১৯৭৪