দলিত ভাৰতৰ আশাৰ প্ৰদীপ
জয় মহাত্মা গান্ধী
মোহন ৰূপেৰে জগত মুহিলাঁ
প্ৰেমৰ ডোলেৰে বান্ধি।
সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁ
বিশ্ব প্ৰেমেৰেই মথি
মানৱতাৰ জ্যোতি মহান
প্ৰচাৰি অমৃত বাণী।
অৰ্ধাহাৰী কৃষক ৰূপেৰে
কিঞ্চিৎ বস্ত্ৰধাৰী
শান্ত সৌম্য ক্ষীণ দধীচি
কাম-ক্ৰোধ-লোভ ত্যাগ্য়ী
অকলশৰে বন্তি জ্বলালোঁ
দুখৰ এন্ধাৰ নাশি।
ৰচনা কাল : ১৯৪৭
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨