জোনাই যেন


জোনাই যেন জোনাকত গা ধুইছিল
নৈৰ সোঁতে যেন তাইক উটুৱাই নিছিল
খৰস্ত্ৰোতা নৈত তাই গা এৰিছিল
অচিনাকি বলুকাত লাগি ৰৈছিল
বোকাৰ পুতলা যেন তাই হৈছিল।

কৰৰবাত এখনি উজনী নাও পাই
পুনু যেন লাহে উভতিল তাই,
নিজা-সাজযোৰ হেৰুৱাই পেলাই
বোকাৰ কলংক গাত সানি লʼলে তাই
নঙঠা দেহা ঢকা বস্ত্ৰ নেপাই
বোকাকে লিপি ললে দেহটি লুকাই।

(হঠাৎ) কিবা এটি দেখা যেন তাইৰ ভাব হয়
উগুল থুগুল কৰি যে ৰয়,
কাষলৈ গৈ দেখে বোকাত আছে ফুলি
নীৰৱে অকলে এটি পদুমৰ কলি
আলফুলকৈ তাই ছিঙি লʼলে ফুল
শান্তিয়নী বʼলে তাইৰ বুৰাই দুকূল।
তাকে লৈ আহবাঢ়ি বিচাৰে পৰিচয়
পদুমৰ কলিটি পাছে নিমাত হৈ ৰয়
তাই ভাবে ফুলে শান্তি ফুলাতহে পায়
সেয়ে পৰিচয় পত্ৰৰ কোনো প্ৰয়োজন নাই।

ৰচনা কাল : 1977

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top