ঘুমতি যাওৰে


নাৰী : ঘুমতি যাওৰে মোৰে সোণ জীউটি
শিয়ালী নাহিবি ৰাতি
তোৰে কাণে কাটি লগাম তেলৰ চাকি
শিয়ালী নাহিবি ৰাতি।

সোণ হালে-জালে আগলি বতাহে
লফা হালে-জালে পাতে
আমাৰে সোণটি হালিছে-জালিছে
দুখীয়াৰ শুদা পঁজাতে।

পুৰুষ : এন্ধাৰ জীৱনক উজ্বলাই তুলিলি
কʼৰে দেৱশিশু তই
এচেৰেঙা পোহৰ পূৱাৰে সূৰুযৰ
পোহৰ হৈ উঠিছোঁ মই।

নাৰী : সোণে যেন সুধিছে কাৰ বা চেনেহৰ
চিনাকি পৰশন পাই
মৰম কৰাজনে কিয়বা কৰিছে
বুজাবৰ ভাষা যে নাই।

পুৰুষ : কোনোবাই মনতে আজি যেন সুধিছে
সোণৰ নীলা চকু চাই
সোণনো কোনবা কাৰ এনাজৰী
সমিধান একোযে নাই।

নাৰী : সোণে যেন সুধিছে অকণি মনেৰে
মৰম কৰা জননো কোন?
বুকুৰ উমেৰে আশাৰ চাৱনিৰে
কিয়নো বুলিছে সোণ।

পুৰুষ :মৰম কৰাজনে সঘনাই ভাবিছে
সোণৰ জনমটোনো কি
বিনা অনুমতিত ঘৰলৈ সোমালে
বচাম চেনেহ ঢালি দি।

জনমৰ সাঁথৰক ভাঙিব নোৱাৰোঁ
নিজৰো ক্ষমতা নাই,
সেই বুলি জানো জনম লোৱা জনক
অহাত বাধা দিব পায়?

ফেঁহুজালিত আহে নতুন সপোন
হেঙুল কিৰণ ভাহে
চন্দ্ৰই ভাবিছে তেওঁৰহে সপোন
সূৰ্যই মাথোন হাঁহে।।
 

ৰচনা কাল : ১৯৭৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top