কুলিটোৱে বাৰে বাৰে কান্দে
তাঁতশালত শিপিনী থৰ লাগে
ঘনেপতি ৰাঁচ নচলে
দোৰপতি মাকো থমকে
মাধৈমালতি ফুলিও নুফুলে
ঢেঁকী থমকি ৰয়
মঘাই ওজা নাই।
গোনা ম’হৰ যুঁজ শেষ হয়
গগনাৰ মাতেৰে কোনোবাই উচুপে
ঢোলত চাপৰ নপৰে
মঘাই উজা নাই।
ৰিঙা ৰিঙা মন
গধুৰ গধুৰ
এইবাৰ বিহুতলী যেন নহয়
সিমান মধুৰ
মঘাই নাই।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨