কঁহুৱা বন

কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি
 
নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি।
অ’এটি এটি ক্ষণ যেন এটি এটি পণ
এনেই হেৰুৱালে নাহে উভতি ।
 
 পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলোঁ সেই ক্ষণটি
অনন্ত সময়ৰ সাগৰখনিৰ
চঞ্চল কোলাহলে ভাঙে ঘুমতি।
অ’ বলিয়া মন কিয় উচাটন ?
কালিৰ সূৰুযে আনি দিব পুৱাটি।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top