আজি জীৱনৰ বাটচ’ৰাত



আজি জীৱনৰ বাটচ’ৰাত
অস্ত ৰ’দৰ ৰেঙণি
পাহৰণিৰ মেঘৰ মাজেৰে
সোঁৱৰণি সোণালী।

 ৰ’দ জলমল দিনৰে শেষত
চকা যে পাটত বহিবই
জীৱনৰ এই যাত্ৰাপথত
জিৰণিৰ বেলা আহিবই,
এয়েতো নিয়ম নাজানো ইয়াৰ
ব্যতিক্ৰম হয় কি।
আজি জীৱনৰ বাটচ’ৰাত…

 পোৱাৰ হিচাপ কৰি কিবা লাভ
দিব নোৱাৰিলোঁ যদিহে
যি বা দিলোঁ তাক দিলোঁ নিশ্চয়
বহু উদাৰ মনেৰে,
সময়লে থ’লোঁ বিচাৰৰ ভাৰ
সময় সত্য জানি।
আজি জীৱনৰ বাটচ’ৰাত….
 

ৰচনা কাল : ২০০৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top