আজি কি আনন্দ


আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ।

ওঠৰশ ছয়ানব্বৈত হেʼ লক্ষীকান্তৰ গৃহত
পূজা পাতি হৰিশ্চন্দ্ৰ কৰে অভিনীত হেʼ।

আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ।

ঊনৈশ শ তিনি চনত হয় পাৰ্টি এমেচাৰ
‘ভ্ৰমৰঙ্গʼ, ‘জয়মতী’ৰ পাতে থিয়েটাৰহে’।

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ।

‘মহৰী’ নামৰ নাট্য হেʼ এদিন মঞ্চস্থ ভৈলা
ভৱানীৰ গৃহে ‘সীতাৰ বনবাস’ হৈলা হেʼ।

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ।

ঊনৈশ শ ত্ৰিচ চনত হেʼ এক ৰঙ্গমঞ্চ হৈলা
শ্ৰীমন্ত শঙ্কৰৰ নামে নামাকৰণ কৈলা হেʼ।

বহু বহু বছৰ ধৰি হেʼ বিদ্যুৎ শক্তি নাই
আৰিয়া ব্যৱহাৰ কৰি নাটক উজলায় হেʼ।

তেজপুৰত নাটঘৰ হেʼ এহি দৰেই হৈলা
জ্যোতি, বিষ্ণু, ফণী শৰ্মাই সৰগ ৰচিলা হেʼ।

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ।

দেশী-বিদেশী যন্ত্ৰ সঙ্গীত একেলগ কৰিলা
মঞ্চৰ আগত গাঁত খান্দি অৰ্কেষ্ট্ৰা ৰচিলা হেʼ।

ইটো বছৰ সিটো বছৰ সোণালী বছৰ
যুগে যুগে বাচি থাওক বাণ থিয়েটাৰ হেʼ।

পৰীক্ষা নিৰীক্ষা কৰি বিবিধ নাটৰ
দীৰ্ঘজীৱী হওক আমাৰ বাণ থিয়েটাৰ হেʼ।

আজি কি আনন্দ পেখোঁ বিশ্বৰ ছন্দত
পূৰ্ণ হৈলা এক শতাব্দী বাণৰে মঞ্চত হেʼ।

নতুন নতুন নাট্যকাৰ নিজে ওলাওক
বিশ্বনাটৰ সবাগৃহত জ্যোতিষ্মান হওক হেʼ।

আজি এহি ৰচনাতে বহু দোষ ৰৈলা
লেখক ভূপেন্দ্ৰই আজি ক্ষমাহে মাগিলা হেʼ।

ৰচনা কাল :  ২০০৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top