অপৰূপা, অপৰূপা

(কণ্ঠ – Usha Mangeshkar)

অপৰূপা ! অপৰূপা !!  
অসীমৰ নীল-নভত
তুমি এক বিন্দু অনন্ত।।

অপৰূপা
তুমি মুক্তা, তুমি মুক্তা
অনুভৱ জানো তুমি কৰা নাই !
 
মকৰা জালৰ ভাঙিলা সজা
পাতলালাঁ তুমি দুখৰ বোজা
পলাতকা হৈ এতিয়া কিয়নো
বিহংগ হʼব খোজা
মাটিৰ মধু জানো দেখা নাই।।

তোমাৰ হাতৰ মুঠিতে আছে
তোমাৰ জীৱন ৰথ
ভাঙিব পাৰাঁ, গঢ়িব পাৰাঁ
তোমাৰেই নিজা পথ ।
তোমাৰ যুক্তি হেৰোৱা নাই ।।
অপৰূপা ! অপৰূপা !! 

ৰচনা কাল : ১৯৮২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top