ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে

কথাঃ মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে?


গীত: ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে
        নেপুৰ বজায় কʼত?
        গিৰ্‌ গিৰ্‌ ডাৱৰেনো
        মাদল বজায় কʼত? এই মোৰ অসম দেশত অসম দেশত।
        মাইহাং বাটিত সোৱাদ পানী
        যাচে কোনে কʼত?
        কাৰ পদুলিত কেতেকীনো
        মলেমলায় কʼত?
        এই অসম দেশত অসম দেশত।
        এধানি এধানি নৈ সাগৰ হয় কʼত?
        সেই সাগৰকো বয় নকৰেনো কোনে কʼত?
        এই অসম দেশত অসম দেশত।
        আইৰে চকুৰে মুকুতানো সৰে কʼত?
        সেই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ কʼত?
       মোৰ দেউতাৰে কপালৰে ঘাম সৰে কʼত?
        সেই ঘাম দেখি মোৰো যেন লাগে বাৰু কʼত?
        অʼ মোৰ অসম দেশত।
        মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে কʼত?
        ন-পুৰুষে দেশৰ হকে
        তেজ দিয়ে কʼত?
        আনে কৰা উপলুঙা
        উফৰাইনো কʼত?
        এই—– অসম দেশত।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top