হাঁহিকে ভগাওঁ সমভাগেৰে
তিল্তিল্ বিষাদো লʼম ভাগেৰে
মিলিজুলি মধুৰতা লʼমে
শুভ দিন আদৰি লʼম প্ৰাণেৰে।
যিয়েই পায় সুখী অকণি সুখ দিয়াঁহে
সৌ ধূসৰ হৈ বেচেৰা উভতি বিমুখী হৈছে
অকণি পোৱাহে অপবাদেৰে।
পিয়াহত আতুৰ হৈ, ভোকতে কাতৰ হৈ
সৌৱা কান্দে কোনে বহি, যাতনা সহি লৈ
অশ্ৰুৰ সেই ধাৰকো লʼম প্ৰাণেৰে।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨