স্নেহে আমাৰ শত শ্ৰাৱনৰ

স্নেহে আমাৰ শত শ্ৰাৱনৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে ।

নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে।

বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰ
মৌন ভাষাৰ উন্মাদনা সানে
নিশ্বাসে মোৰ আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি নেমানে।
তৃপ্তিৰ পৰিধি নেমানে।

প্ৰীতি-দিগবলয়ত গতিশীল গীত গাঁও
বজ্ৰৰ গৰ্জ্জনে হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য জানে।

ৰচনা কাল : ১৯৫৪

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top