সেউজীয়া বননিৰ বনে বনে

সেউজীয়া বননিৰ বন-বৰাগী
বনে বনে ফুৰিছিলোঁ
বনঘোষা গাই।
বগাকৈ বগলীয়ে
বগা বগা পখিৰে
বিচিছিল বগা বগা
চোঁৱৰ বুলাই।।
বনে বনে–গায়।
গৈছিলোঁ বনৰীয়া
বাটে বীণ বাই
বস্ত্ৰৰ বনগুটি
গুচাই গুচাই
বনমালা পিন্ধি
বনমালী ৰূপ লৈ
উঠিছিলোঁ কদমত
বংশী বজাই।
বনে বনে–গায়।
আজি মুকলি বতাহৰ
আহ-যাহ নাই
বননিত বন নাই
নাই চৰাই।
সাঁচি পতীয়া বন বিনন্দীয়া
পঁজাৰ কাষতে আজি
দিবানে সজাই
আকৌ ফুৰিম মই
বনঘোষা গাই।।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top