সুৰ নগৰীৰ সুৰৰ কুমাৰে

সুৰ নগৰীৰ সুৰৰ কুমাৰে
সপোন সনা ৰামধেনুৰ ৰহণ হেৰুৱাই
মিঠা মৰমৰ মিনতি শুনি
চিতালৈ আগুৱায়, ৰহণ হেৰুৱায়।
সৰা শেৱালিৰ শুকুলা বাটত
সুৰ ৰূপ এটি হয়।
সুৰৰে কোমল পৰশে ৰূপৰ
আনে পৰাজয়।।
এদিন নিশা পছোৱা আহিল
ৰূপ নিলে উৰুৱাই
সুৰ সুৰ বুলি কতনা বিনালে
সুৰ যে কাষতে নাই।
মৰণৰ বাবে চগাৰ মৰম
শিখাই সাবটি লয়,
নিশাৰ শেষত চগাৰ স্মৃতিত
শিখাও নুমাল হায়।।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top