শতিকাৰ ৰূপ খেদোঁ
কিবা যেন বিচাৰি
খোজ মোৰ নিতে আগুৱায়
মিছা এন্ধাৰে চকু ভাগৰায়
বুকুৰ পোহৰৰে শিখা বাঢ়ি যায়।।
দিগ্বলয়ৰ বাটেৰে
বগাকৈ মন বগ
কুঁৱলী ফালি উৰি যায়
শতিকাৰ জ্যোতি বলে
সাগৰৰ হিল্লোলে
মনৰে ৰথ মোৰ নিয়ে কঢ়িয়ায়।।
কবিতাৰ কণিকাই
জিলিকনি ছটিয়াই
জীৱনৰ বাট মোৰ দিলে পোহৰাই
জীৱনৰ কথা ভাবি
মৰণক মষিমূৰি
সেন্দুৰী আলিৰে মোৰ
খোজ আগুৱায়।।
ৰচনা কাল : ১৯৫০
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨