যুৱতী অনামিকা গোস্বামী

গীত:-  যুৱতী অনামিকা গোস্বামী

আৰু যুৱক প্রশান্ত দাসে

বিয়াত হেনো কিছু বাধা পালে

ৰাম বাধা পালে !

সেয়ে কাকো নজনাই, কামাখ্যাধামত

দুয়ো দুয়োকে আজি মালা পিন্ধালে

ৰাম মালা পিন্ধালে !

আজি দুয়োৰে উজ্জ্বল মুখ

আজি দুয়োৰে অতীৱ সুখ ৷

কথা : সিদিনা দুয়ো আশীৰ্ব্বাদ বিচাৰি অহাত , মই ক’লো :-

গীত:    মহাশূন্যত উপগ্রহ ৰাখি

এই্য়া গণসংযোগ কৰোৱাৰ যুগ ,

আৰু আণৱিক শক্তিক দানৱৰপৰা আনি

মানৱৰ সেৱাত লগোৱাৰ যুগ !

এইয়া প্রসান্ত আৰু অনামিকাৰ

জাতিকুল নেউচা হোমাগ্নিৰ যুগ,

এইয়া প্রসান্ত আৰু অনামিকাৰ

জাতিকুল নেউচা হোমাগ্নিৰ যুগ;

এয়া জনাৰ যুগ !

এয়া বুজাৰ যুগ

এয়া জেট যুগ !

আনৱিক যুগ !

এইয়া সীমাৰ পৰিধি ভঙাৰ যুগ !

সীমাৰ পৰিধি ভঙাৰ যুগ !

মন পথাৰ বহল কৰি

প্রেমৰ ৰসেৰে জীপাল কৰি

এয়া মানৱতা-কঠীয়া সিঁচাৰ যুগ !

মানৱতা-কঠীয়া সিঁচাৰ যুগ !

এই শতিকাৰ য’ত নৱ প্রয়াসৰ

ফুল ফুলাব অনাগত শতিকাই !

একৈশ শতিকাৰ প্রথম পুৱাৰ.. !

জিলিকনি চাবলৈ আছোঁ বাট চাই… !

ঊনবিংশ শতিকাৰ ধ্যান-ধাৰণা..

বিংশ শতিকাত শোভা নেপায় !

একবিংশ শতিকা আহিবলে

তিনি দশকো যে নাই !

একবিংশ শতিকা আহিবলে

তিনি দশকো যে নাই !

হে’ অনামিকা আৰু প্রশান্ত দাস

দুয়ো পাবা নৱ নৱ জ্যোতিৰ আভাস

আশিকে ভৰা হওঁক দুয়োৰে আকাশ ৷৷

 
Scroll to Top