যা: যাগৈ জীৱনৰ

যা: যাগৈ …
জীৱনৰ যোৱা দিনবোৰ
  যা: আমনি নকৰিবি !!
         যা: যাগৈ …
         পুৰণি গোৱা গীতবোৰ
         যা: অগনি নজ্বলাবি !!
মিঠা মিঠা কিবা সোঁৱৰণি
পাহৰা গীতৰে কথাখিনি
চিনাকি চিনাকি মুখ এখনি
সুঁৱৰিও দেখোঁ নাপাওঁ চিনি !
          এৰি অহা দূবৰি কিয় বাৰু গচকোঁ ?
        আশাৰে ৰঙা ৰং মেঘেৰে নাঢাকোঁ ?
      নাই আৰু নাভাবোঁ, মনতো নাৰাখোঁ
                           নাই নাৰাখোঁ !!
উকা নিশাৰে এই সময়খিনি
নেযায় নুপুৱায় কি যে বিঘিনি
         পাহৰি এই সুৰ পুৰণি
সাবটো নতুনৰে আঁচনি !

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top