মোৰ মৰমে মৰম বিচাৰি যায়
মোৰ মৰমে মৰম বিচাৰি যায়
বাৰিষাৰ কেঁচা বানে
মোৰেই কাৰণে আনে
নতুনৰে বৰে নৈ
যুগৰ বতৰা লৈ ।।
অকলশৰীয়া পথেদি মই
শত বিঘিনি ভাঙি
ধূলিৰ ধৰাক সৰগ কৰিম
হেঙুলীয়া বোল সানি।
যুগৰ বতৰা লৈ।।
মোৰ আকাশত পোৱাৰ তৃপ্তি
নোপোৱা বেদনা নাই
মোৰ মৰমৰ পাৰ ভাঙি আজি
কিহৰ ধুমুহা বয়
যুগৰ বতৰা লৈ।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨