মোৰ বুকুৰ জ্বালাত নয়ন উতলে
নাবিক হিয়াত সনা লহৰ নগলে ।।
মেলা পাল সুৰৰে অবাক নিমাত
হয়, হিয়াৰো ভুল হেৰালে যে বাট
আজি কোনে কাকনো পঢ়ালে ই পাঠ
হায় অশ্ৰু পেলালা অকলে অকলে ।।
ফুৰে ভুৱা বলাকা, মেঘে কʼব খবৰ
যদি লুকুৱা মন, শোভে কোন ঘৰ
উম সেমেকে, সাঁতুৰি লাগে ভাগৰ
কান্দা বুকুৰ আশা অকলে অকলে ।