মোৰ গা-টো দেখোন

মোৰ গাটো দেখোন অʼ মাকণ
সাতখন আঠখন
ৰঙালী বিহুতে ৰঙা ৰঙা মন
তই দেখোঁ গাভৰু হʼলি মাকণ।


কালি দেখিছিলোঁ অʼ মাকণ
ভৰলীৰে পাৰত
লহপহ দেহাৰে অʼ মাকণ
প্ৰতিটো ভাঁজত।
গা-ধুই গা-ধুই অʼ মাকণ
দুয়ো লগ হʼলোঁ ভৰলীৰ মাজত
কি সেই সোণালী ক্ষণ,
তই দেখোঁ গাভৰু হলি মাকণ।


বানপানী আহিলে অʼ মাকণ
সোপাই উটি গʼলে অʼ মাকণ
শিবিৰত ভিখাৰী হʼলোঁ মাকণ,
শপত খায়ে লʼলোঁ অʼ মাকণ
এʼ নৈখন বান্ধিমে অʼ মাকণ
সমাজখন গঢ়িমে অʼ মাকণ
ধান ৰুম বানটো অহাৰ আগতে
হাঁহিব পথাৰখন
তই দেখোঁ গাভৰু হʼলি মাকণ।
অহাবাৰ বিহুতে অʼ মাকণ
তোকে বিয়া কৰাম অʼ মাকণ
সমাজৰ বাধাকে অʼ মাকণ
এহাতে ঠেলি যাম অʼ মাকণ
বিয়াখন পাতি লৈ
হালকোৰ বাম
শইচ গোটাই লৈ ভঁৰাল ভৰাম
জিলিকি উঠিব ঘৰখন
তই দেখোঁ গাভৰু হʼলি মাকণ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top