মুখ উজ্জ্বল যৌৱন উচ্ছল

মুখ উজ্জ্বল যৌৱন উচ্ছল
সেউজীয়া বন উৰণীয়া মন
বিশ্বৰ অগনি জ্বলাই
হাত-বাউল দি মাতিছে।
মাতিছে, মাতিছে মাতিছে।


বিশাল আকাশ মৰমী বতাহ
মুক্ত আমাৰ উশাহ-নিশাহ
এসাঁজ বনভোজ খাবলৈ
হাত-বাউল দি মাতিছে
মাতিছে, মাতিছে
মাতিছে, মাতিছে।


দিয়া দিয়া দলিয়াই
প্ৰীতি-ভনীটি
অসমীয়া ইংৰাজী অঙ্ক জ্যামিতি
মিলিজুলি আহাঁ ভাই সুখেৰে এসাঁজ
খাই লৈ লিখি যাওঁ, ভোজনৰ হিষ্ট্ৰী।


এটি পাৰে মই
এটি পাৰে তুমি
মাজে বয় চেনেহৰ জুৰি
হাতখনি দিয়া
পাৰ কৰি নিয়া
নহʼলে পিছলিব ভৰি।
এটি – ভৰি।
জীৱন কেৱল জোনাক নহয়
নহয় আলি কুমলীয়া
জীৱন বাটে বাটে খলা-বমা
খোজবোৰ সাৱধানে দিয়া।


একেটি সুৰতে মিলাওঁ কণ্ঠ যদি
বুকুৰ মৰমবোৰ ঢালি
কোনে মিলন ৰুধিব পাৰে
আগবাঢ়োঁ যদি দুয়ো মিলি।
এটি পাৰে – জুৰি।


কথা – কেমেৰাৰে তোলা ছবি আচল নহয় –
ই নিৰ্জ্জীৱ দুদিনীয়া
বুকুৰ কেমেৰাৰে ছবি তোলাঁচোন
স্থায়ী হʼব মনৰ মায়া
কথা – কেমেৰাৰ ছবি মোৰ বুকুৰ বাবেহে
বুজিও নুবুজা হোৱা কিয় ?
তুমি মানুহটো বুকুৰ বাবে
মোৰ তুমি সবাতোকেʼ প্ৰিয়।


পৰীক্ষাৰ ক্ষণ হʼল কিতাপী জ্ঞানৰ
হʼলোঁ আজি সৈন্য জীৱন-যুঁজৰ ।
নিতে নৱ সংগ্ৰামে ভেটিবহি বাট
নিজ বলে নেওচিম ঘাত-প্ৰতিঘাত ।
আমি আজি প্ৰতিনিধি ন-পুৰুষৰ
আমি আজি সেনা হʼলোঁ জীৱন যুঁজৰ।

ৰচনা কাল : ১৯৯৫

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top