মাঘত দেখোঁ উৰুকা নহয়
তুমি নহʼলে
বʼহাগ বিহুত বিহু-ঢোল নেবাজে
তুমি নহʼলে,
তুমি নহʼলে তুমি নহʼলে।
শাৰদী পুৱা কঁহুৱা নুফুলে
তুমি নহʼলে
এন্ধাৰ পঁজাত চাকি নজ্বলে
তুমি নহʼলে
প্ৰগতিও দেখোঁ অগতিহে হয়
তুমি নহʼলে।
গীত দেখোঁ সুৰীয়া নহয়
তুমি নহʼলে।
তুমি নহʼলে, তুমি নহʼলে।
বৰষাৰ আকাশত মেঘ নজমে
তুমি নহʼলে
জীৱন-লুইতখন থমকিহে ৰয়
তুমি নহʼলে।
জ্ঞান-বিজ্ঞানৰ অৰ্থ নুবুজোঁ
তুমি নহʼলে।
পোৱা-নোপোৱাৰ সংগ্ৰাম নুবুজোঁ
তুমি নহʼলে।
তুমি নহʼলে, তুমি নহʼলে।
জীৱনতো কোনো শান্তি নেপাম
তুমি নহʼলে
মৰণতো চাগে ক্লান্তিহে পাম
তুমি নহʼলে।
তুমি নহʼলে, তুমি নহʼলে।।
ৰচনা কাল : ১৯৭৫