মহিলা মহিলা ক’লৈনো

এই মহিলা মহিলা ক’লৈনো আহিলাঁ
গচকত মাৰিলা বন
মহিলা মহিলা কি যে ভুল কৰিলাঁ
পুৰুষৰ নুবুজা মন।
গল চাই গহনা গাটো তায়ে চোলা
মূৰ চাই সেওঁতা ফালাঁ
পিচে মুৰৰে ভিতৰত যিকণি মগজু
তাৰে উমান জানো পালাঁ।
লাও বাই পোহাৰী জিকা বাই পোহাৰী
জিকাৰে মূৰৰে ফুল
তোমাৰে তুলনাত পোহাৰীও সুন্দৰী
নিবিচাৰোঁ জাতি-কুল।
কিমাননো পানীৰে মাছ তুমি মহিলা
বাৰুকৈয়ে জনা আছে
মাখিৰ মূৰে কাটি জয়ঢোল বজালে
পুৰুষে যে নেনাচে।
হে’ বতাহী বথেৰে বেগেৰে নেয়াবা
বাটত ধূলি পৰি ৰ’ল
হেজাৰ হওক মহিলা পাহৰি নেযাবা
মহিলা পুৰুষৰ তল।
হাতীৰে দাঁতকে চিকুটি ছিঙিব
খুজিলেই জানো পাৰে
পুৰুষ জাতিটো পৃথিৱীত নহ’লে
মহিলা থাকিব কাৰে?

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top