নায়ক: ময়ূৰী ময়ূৰী
নয়িকা: সুদৰ্শন, সুদৰ্শন
নায়ক: মন ময়ূৰী
তুমি যেন মোৰ বন ময়ূৰী
তুমি যেন মোৰ মন ময়ূৰী
মই আলফুল ডাৱৰ
তুমি যেন চঞ্চলা বনৰ নিজৰা
পাৰশিচা মোৰ প্ৰেমৰ সাগৰ।।
নায়িকা: সুদৰ্শন, সুদৰ্শন
কাবৌ কৰোঁ, হাতজোৰ কৰি,
উন্মত্ত প্ৰেমেৰে মন নিনিবা হৰি
ভয় লাগে কেতিয়াবা কাহানিৰ ভুলে
যদি আহে সগোপনে পিছলা ভৰি,
মই বাট হেৰুওঁৱা এক মন ময়ূৰী।
নায়ক: ময়ূৰী, ময়ূৰী
কত জনম ঘূৰি খাই হাবাথুৰি
তোমাকেই যেন ফুৰিছোঁ বিচাৰি
এই পূণ্য ক্ষণত দিছাহি ধৰা
মোক শূণ্য শূণ্য মন পূৰ্ণ কৰি
মই বিচাৰি ফুৰা মোৰ মন ময়ূৰী।
নায়িকা: কি যে কৰোঁ, কি যে নকৰোঁ
আগবাঢ়ো নে নাবাঢ়োঁ;
শঙ্কা নে কিবা লাজ
প্ৰভাততে হয় কি সাজ।
নায়িকা: কথা — অনুকম্পা নে প্ৰশ্ৰয়
নে সংশয়হীন আশ্ৰয়?
তুমি বৰষাৰে জুই ৰূপ ধৰি
কম্পিতা ময়ূৰীক বলিয়া কৰি
হৰি নিলা মোৰ মন-প্ৰাণ,
সুদৰ্শন অʼ সুদৰ্শন।
নায়ক: ময়ূৰী, ময়ূৰী
নীয়িকা : ৰিম্ঝিম ৰিম্ঝিম নাচিছে
প্ৰেমৰে বৰষা বৰষিছে —
নায়ক: ডাৱৰে ডাৱৰে আজি ডঙ্কা বাজে
মন ময়ূৰী হিয়াতেই ৰাজে।
নায়ক: ময়ূৰী
নায়িকা: সুদৰ্শন
নায়ক: ময়ূৰী
নায়িকা: সুদৰ্শন
নায়ক: ময়ূৰী
নায়িকা: সুদৰ্শন।।