মনত আছেনে

মনত আছেনে ? দৰিকা দিচাঙে পানী বাঢ়ি গʼলে
ময়ো বৰ এজনী হʼলোঁ
তোৰে সতে সাঁতুৰি থাকোঁতে
বাইদেউৰ কতনা শপনি খালোঁ।
       মনত আছেনে, বোলোঁ আছেনে মনত?
      
ৰাতিৰে ৰাতিটো সপোন দেখিছিলোঁ
মনতে পাতি তোক দৰা
কুকুৰাৰ ডাকতে তোকে যে কʼলোঁগৈ
      সপোনটো প্ৰথমৰ পৰা — মনত আছেনে, বোলোঁ…. ?
     
থুৰিয়াই থুৰিয়াই তামোল কাটিছিলোঁ
মাজত ভৰাইছিলোঁ লং
তোলৈ আহিম বুলি কাপোৰ ধুই দিছিলোঁ
    মনত লগাইছিলোঁ ৰং —  বোলোঁ আছেনে মনত?
    
গাঁওখন এৰি তই কʼলৈনো গʼলিগৈ
সমিধান নিদিয়া হʼলি
তোক এই বিহুতে বৰিব নেপালে
কৈছিলোঁ মৰিমে বুলি  — মনত আছেনে..

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top