মঙ্গল হওক ন-শতিকাত, মঙ্গল সবাৰ
প্ৰতি গৃহে শান্তি আহক,
সমৃদ্ধি অপাৰ হে।।
উষা কালৰ সোণোৱালী ৰʼদ,
চোতালত ভৰি ৰয়
অন্ধজনেও দেখক আকৌ,
নৱ সূৰ্যোদয়হে।।
সোণৰ বৰণ ধানৰ খেতি,
নাচক হালি-জালি
ডাঁৰ মাৰি নাৱৰীয়াই,
গাওঁক ভাটিয়ালীহে।।
ডাউকে মাতক বিলৰ পাৰতে,
কোকিলে ডালে ডালে
শান্তি-কপৌ বহক পুনু,
সবাৰ ঘৰৰ চালেহে।।
অৰ্দ্ধমৃত মূল্যবোধে,
এয়া নতুন জীৱন পায়
অলস নিদ্ৰাৰ ঘোৰ ভাঙি দি, জাগৰণী গায়হে।
মঙ্গল হওক ন শতিকাত মঙ্গল তোমাৰ।।
ৰচনা কাল : ১৯৯৪