মই সপোন পুৰীৰ ৰূপকুঁৱৰী

মই সপোন পুৰীৰ ৰূপ কুঁৱৰী
হাতত মৃণালৰে খাৰু,
অʼ কাণত পদুমৰে কেৰু,
পখিলাৰ সʼতে মই ৰঙা ৰঙা পাখিৰে
মলয়াত উৰি ফুৰোঁ।।

হাতত মৃণালৰে খাৰু
অʼ কাণত পদুমৰে কেৰু।
ৰামধেনু ৰঙেৰে ৰিহাৰ আঁচলৰে
সাগৰৰ মুকুতা আনো
পুৱাৰ সূৰুযৰ ৰঙা ৰʼদখিনি লৈ
ঊষাক ৰাঙলী কৰোঁ।

অপৰূপ জগতৰ ৰজাৰ কোঁৱৰ
সূৰুযৰ সʼতে আহি
কাণে কাণে কৈ যায়
‘তুমি মোৰ, তুমি মোৰ’ তুমি মোৰ’ বুলি,
অʼ হাতত মদনৰে বেণু।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top