মই সপোন পুৰীৰ ৰূপ কুঁৱৰী
হাতত মৃণালৰে খাৰু,
অʼ কাণত পদুমৰে কেৰু,
পখিলাৰ সʼতে মই ৰঙা ৰঙা পাখিৰে
মলয়াত উৰি ফুৰোঁ।।
হাতত মৃণালৰে খাৰু
অʼ কাণত পদুমৰে কেৰু।
ৰামধেনু ৰঙেৰে ৰিহাৰ আঁচলৰে
সাগৰৰ মুকুতা আনো
পুৱাৰ সূৰুযৰ ৰঙা ৰʼদখিনি লৈ
ঊষাক ৰাঙলী কৰোঁ।
অপৰূপ জগতৰ ৰজাৰ কোঁৱৰ
সূৰুযৰ সʼতে আহি
কাণে কাণে কৈ যায়
‘তুমি মোৰ, তুমি মোৰ’ তুমি মোৰ’ বুলি,
অʼ হাতত মদনৰে বেণু।।