বিহুটি বছৰি আহিবা

(আগকথা – অসমীয়া জাতিটোৰ আয়ুস ৰেখা বিহুটিক হাতযোৰ কৰি অনুৰোধ কৰা হৈছে। বিহুটি ঐ বছৰি আহিবা । অসমী আইকে জগাবাচোন বিপদৰ কালতো মাহ হালধিয়ে জাতিটোৰ দেহ মন ধুৱাবাচোন । গীত – বিহুটি বছৰি আহিবা
অসমী আইকে জগাবা।)
 বিপদৰ কালতো মাহ হালধিয়ে
বিহুটি বছৰি আহিবা
অসমী আইকে জগাবা।
বিপদৰ কাৰলতো মাহ হালধিৰে
জাতিটোৰ দেহ মন ধুৱাবা ।।

জাতিটোৰ কথাখিনি এহিমানে থওঁ
মোৰ মন গাভৰুৰ কথাকে কওঁ।

মোৰ চেনাইৰে নাম হʼল মামণি
তাইৰ কাহানিও নাছিলে আমন
গোটেই জীৱনতো মোতেই সঁপিব
বুলি কথা দিছিলে তাহানি।

কিবা কাৰণত তায়ো মোক নেমাতে
মোৰ বুকুতে জ্বলিছে অগনি
বিহুটি ঐ পাৰা যদি তুমি
তাইকো বিহুগীত গোৱাবা
তাইকো বিহুগীত গোৱাবা
তাইকো বিহুগীত গোৱাবা ।

কথা : – বড়োৰ ভাষাৰে ‘বৰ’ মানে বতাহ
‘দি’ মানে পানী
আৰু ‘চিখলা’ মানে হʼল গোসাঁনীজনী।

মন গাভৰুৰ কথা এহি মানে থওঁ
বৰদৈচিলাজনীৰ মহিমা কওঁ
যেতিয়া মনবোৰ দহে
হিলদʼল ভাঙি তাই আহে,
পিছে পৃথিৱী তিওৱা আশীষ বৰষাই
গোসাঁনী ৰূপেৰে নাহে
মোৰ গোসাঁনী
গোসাঁনী ৰূপেৰে নাহে ।

মʼহবোৰে যুঁজে বিৰিণা জহে
মন লুইতৰ সৰু বৰ গৰাবোৰ
আখেজতে যেন খহে।
বিহুটি ঐ কাবৌ কৰিছোঁ হাতযোৰ কৰিছোঁ
জাতিটোক শাক-ভাত খুৱাবা
অসমীয়া জাতিটোক শাক-ভাত খুৱাবা
মৰমৰ দীঘ দি হেপাহৰ আঁচুৰে
একতাৰ গামোচা বোৱাবা ।।

ৰচনা কাল : ১৯৯২

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top