বিংশ শতিকাৰ অস্তাকাশত
দিনৰ চিতা জ্বলিবনে ?
একবিংশ শতিকাৰ প্ৰথম প্ৰভাতে
দিগন্ত উজ্বলাবনে ?
উজলাব, উজলাব, উজলাব ।
দুটি শতিকাৰ সংগমে সংগমে
আশা-নিৰাশাৰ গণনা
লুকাফাকু খেলি মৃত্যুয়ে কৰে
বিশ্বপ্ৰেমৰ ছলনা ।
বিচ্ছিন্নতাৰ গুটি সিঁচি সবে
‘নীতি’ৰ খেলাহে খেলিবনে?
একবিংশ শতিকাৰ প্ৰথম প্ৰভাতে
দিগন্ত উজ্বলাবনে?
উজলাব ,উজলাব, উজলাব ।
পৃথিৱী এখন সৰু গাঁও হ’ল
মহাকাশ ৰণাংগণ ।
গণ-সংযোগে মুখা পিন্ধি নাশে
মূল্যবোধৰ প্ৰাংগণ ।
দুটি শতিকাৰ সন্ধিক্ষণত
সত্যৰ জ্যোতি জ্বলিবনে ?
জ্বলিবনে, জ্বলিবনে, জ্বলিবনে ?
শীতল যুঁজৰ হেনো অন্ত পৰিল
পৃথিৱীত শান্তিৰ কপৌ উৰিল
(পিচে)শীতলতাৰেই তলে তলে
উমি উমি ক্ৰোধাগ্নি জ্বলিল
সেই সৰ্বনাশী জুই নুমাবনে ?
সেই শান্তিৰ ফল্গু ব’বনে ?
একবিংশ শতিকাৰ প্ৰথম প্ৰভাতে
দিগন্ত উজলাবনে ?
উজলাব,উজলাব, উজলাব ।।
ৰচনা কাল : ১৯৯৫