ফেঁচুৱে কৰিলে ছিঁউ


ফেঁচুৱে কৰিলে ছিঁউ মোৰ দেউতা
ফেঁচুৱে কৰিলে ছিঁউ
মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
আকাশে উৰি গʼল জীউ।
মণিৰামক মাৰিলে, আঁৰকাপোৰ তৰিলে
ওপৰে বগালে চিলা
মণিৰামৰ কামে কাজ কৰিব লাগিলে
আজি হাতে হাত মিলা।
এʼ চান্দো লৰিছে সূৰুযো লৰিছে
লৰিল বসুমতী আই,
এʼ বাৰ পাল ৰণুৱাই খেদিব লাগিছে
মণিৰামৰ কিনো বিলাই?
আজি কি বাৰে গুৰু বৃহস্পতি
কালি কি বাৰে শুকুৰ
মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ
চালতে বগালে কুকুৰ।
এʼ ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু
তামৰ ঘৰৰ মূধলৈ চাই
তামৰ ঘৰ আছে দেও, স্বামী নাইকিয়া
কোনে নিলে মণিৰামক পাই?
এʼ চম্পাৱতী আইদেউৰ সেন্দুৰ মচে খালে
ঘনে সোঁহাতে লৰে
কাউৰীয়ে ৰমলিয়ায়, ফেঁচাই কুৰুলিয়ায়
সপোনত আগদাঁত সৰে।।

ৰচনা কাল : ১৯৬৩

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top