প্ৰথম মৰমে যদি সঁহাৰি নেপায়

প্ৰথম মৰমে যদি সঁহাৰি নেপায়
ভালপোৱা কিয় জানো
মৰহি যায়,
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়।।


যৌৱন প্ৰভাতী মেলাতে
তোমাক দেখিছিলোঁ হঠাতে
প্ৰথম চাৱনিতে কযে হʼল
তুমি জানো গমকে পোৱা নাই।।


শৈশৱ পাৰ হৈ কৈশোৰ আহিল
কৈশোৰ পাৰ হৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হʼলে
নেচালোঁহেঁতেন তোমাৰ ফালে,
ই নহয় মাথোঁ কামনা
তুমি মোৰ জীৱনৰ সাধনা
আজীৱন তুমি মই সুখী হʼম
তুমি জানো গমকে পোৱা নাই।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top