প্ৰথম প্ৰহৰ ৰাত্ৰি

প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।
শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।
দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।
শুনা সখি ৰূপৱতী নধৰা জগৰ।।
তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি।
কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।।
আইদেউৰ গালৈকে চাবকে নোৱাৰি।
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি।।
ষষ্ঠ প্ৰহৰ ৰাত্ৰি ফুলি আছিল যুতি।
তোমাৰ স্বামী দুষ্যন্তকে আজি কৰাঁ স্তুতি।।

ৰচনা কাল : ১৯৬১

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top