প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি
জীৱন ৰেʼলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।।
মাজে মাজে মাজে
এই ৰেʼলে চিঞৰে;
নোপোৱাৰ বেদনা জুই হৈ উৰে
আমাৰেই জুইৰেই অগ্ৰগামী।।
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।।
লগত আছে বোজাৰ বৰ বৰ পেৰা
সেই পেৰা অতীতৰ চকুলোৰে ভৰা,
আমাৰেই চকুলো বাষ্প সজালোঁ
সেই বাষ্পৰেই আমি দ্ৰুতগামী।
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।।
তৃতীয় শ্ৰেণীৰ শত সহযাত্ৰী
মিলি দেখিম পুৱাব কালৰাত্ৰি
একেলগেহে পামগৈ লক্ষ্য আমি।
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি।।
ৰচনা কাল : ১৯৬৩