পাগলদিয়াৰ পাৰে পাৰে

পাগলদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়
কিবা গুণি আপোন মনে
কিবা গুণ গুণায়।
পাগলদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়।


দুগদুগী নাই ৰিহাও নাই
আধুনিকতাৰ সাজ
আমাৰ সখী চহৰ এৰি
পালে গাঁৱৰ মাজ।
গাঁৱৰ শোভা দেখি সখীৰ
হিয়া-মন জুৰায়
পাগলদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়।


বৰজহা আমাৰ গাঁও সুখী কিয়
আমাক সোধা যদি
(কʼম) গাঁৱৰ আয়ুসৰেখা হʼল
পাগলাদিয়া নদী
এই নদীৰ পানীয়ে (আমাৰ) দেহা শীতলায়।
পাগলদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়।
আমাৰ সখী সুখী কিয় আমাক সোধা হওক
(কʼম) ঘৰতে পাইছে এক
কলিৰ কৃষ্ণৰ লগ
সেই কৃষ্ণই সখীৰ নয়ন
নয়ন ভৰি চায়
পাগলদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top