নৱমল্লিকাৰ হেঁপাহ জানো পলাব
মালিনী নদীতে ৰূপ চাই চাই
শকুন্তলা আইৰ জানো দেহাটি শীতলিব
পদুমৰে পৰশন পাই পাই।
দেহ ভংগীমাৰে বিৱৰণী কিনো দিম
দেখিয়েই ভাষাটি হেৰায়
হংসগামিনী সখী
বন মৃগনয়নাই
খোজে পতি পদুম ফুলায়, ফুলায়।
ময়ূৰপংখী ৰূপী সপোনৰে ৰংবোৰ
হাঁহিটিত শেৱালি সৰায়
ভ্ৰমৰ গুঞ্জন ধ্বনি
শুনা যদি সখি তুমি
নেযাবা লৱৰি পলাই, পলাই।
ৰচনা কাল : ১৯৬১
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨