নিশাৰ এন্ধাৰ পোহৰালে কোনে

নিশাৰ এন্ধাৰ পোহৰালে কোনে?
দূৰ আকাশৰ ৰূপালী জোনে।
উদং কোলা মোৰ পূৰালেহি কোনে ?
দূৰ আকাশৰ মৰমী জোনে।।

অপূৰ্ণ মোৰ বাসনাবোৰ
জ্যোতিৰে ভৰি গʼল
মোৰ হাঁহাকাৰ বুজিবনো কোনে?
দূৰ আকাশৰ মৰমী জোনে।।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top