নতুন নতুন সাহ

(কণ্ঠ – সমবেত)

নতুন নতুন সাহ, আহিল নতুন সাহ
আমাৰ বহল বুকুতে।
বগলীৰে বগা পাখি জিলিকে আকাশতে,
জা-জাবৰ চিকুণাওঁ আমাৰ আপোন হাতে।।


মৰা সুঁতিৰ ধল আনো শুকান শুকান মাটিতে
সমাজৰে পিটনিতে মাটি ঢালোঁ ৰঙতে।
পঢ়া-শুনাৰ চাকিটিক, জ্বলালোঁ উলাহতে
সেউজীয়া সপোন আঁকো, জিলমিল জেউতিতে।।


হেজাৰ যুগৰ এন্ধাৰকে, আঁতৰাম নিজ হাতে
একতাৰে আগবাঢ়োঁ, জেউতিৰে বাটে বাটে।
সূৰুযৰে ধেমালি, ৰাঙলী চোতালতে
পুৰণিৰে গাত নাচে নতুনে উলাহতে।।

ৰচনাকাল – ১৯৫৪

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top