তোমাৰ উশাহ কঁহুৱা-কোমল

তোমাৰ উশাহ কঁহুৱা-কোমল
শেৱালি-কোমল হাঁহি
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী৷
শাৰদীয়া চেনেহীৰে
কঁকাল ইমান লাহী।।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি৷৷
হঠাৎ আজি গালোঁ মই
মৰম সনা গীত
তাকে শুনি চেনেহীৰে
উখল মাখল চিত।
বালিত নাচে আমাক জোকাই
এটি সৰু বালি মাহী।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি৷৷
ৰুণুক-জুনুক সৰা পাতত
নিয়ঁৰ সৰি পৰে
গালে মুখে নিয়ঁৰ সানি
ধেমালিখন কৰে।
শেৱালীৰে বিছনাতে
আমি দুয়ো শুলোঁ
শুই শুই মেঘৰ আঁৰৰ
শৰালি গণিলোঁ ।
এহাল হাঁহে আদৰিলে
হঠাৎ নামি আহি ।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top