ডিফু হ’ল তোমাৰ নাম হওঁক মঙ্গল তোমাৰ

ডিফু হ’ল তোমাৰ নাম হওঁক মঙ্গল তোমাৰ
লুইতপৰীয়া ভাই ভনীৰ লোৱাঁ নমস্কাৰ হে

শুৱলা কাৰ্বি ভাষাত হে’ কাৰ্বি মানে পাহাৰ
আৰ্লেং মানে মানুহ আৰু স্বজাতি আমাৰ হে

‘কা’ অৰ্থে পোহৰ আৰু ‘বি’ মানে কৰ্ম্ম
কাৰ্বি জাতিৰ আদৰ্শ হ’ল কৰ্ম্ম মানে ধৰ্মা হে

দেৱতাৰ পূজা-বেদীত হে’ শৰাই আগবঢ়ায়
সেহি প্ৰথাক ‘থেকাৰ কিবি’ বুলি জনা যায় হে

কালক্ৰমত এহি শব্দৰ হে ‘থে’ লুপ্ত হয়
‘কি’ শব্দ লুপ্ত হৈ কাৰ্বি মাথোঁ ৰয় হে

উনৈছ শ একাৱন্ন চনত হে নিজেই শাসন কৰা
জিলা পৃথক কৰা এই সত্তৰ চনৰ পৰা হে

 ছয়সত্তৰৰ অক্টোবৰৰ চৈধ্য দিন গৈলা
জিলাৰ নাম কাৰ্বি আংলং হৈলা

এনে দিনত ছেমছন সিঙৰ হৈলা আৱিৰ্ভাৱ
জাতিৰ খনিকৰ হৈ বিস্তাৰে প্ৰভাৱ

চমাংকান উতসৱত নাচ চমাংকান হয়
ডেকা গাভৰুৱে নাচি ধৰিত্ৰী কঁপায়

ৰং বং তেৰাং আৰু ৰংপি কতজনে
আমাক বুকুত সাৱটি সপোন ৰহণ সানে
ভাইটি ছামছিঙৰ হে হাইমু কাহিনী
লুইতপৰীয়া সহস্ৰই আজি পালে চিনি হে

ৰংবঙে সোঁৱৰাই হে কাৰ্বিৰে দান
ৰংমিলিৰ হাঁহি হৈলা চিৰ জ্যোতিস্মান হে
আজি লাংহিনা নগৰ হে ভৈলা জাতিষ্কাৰ
গীতিকাৰ ভূপেন্দ্ৰই যাচে নমস্কাৰ হে।

ৰচনা কাল : ১৯৮২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top